
|
|

|
বৃত্তিগত শিক্ষা
ভাৰতৰ দ্ৰুতগতিত বৃদ্ধি পোৱা অৰ্থব্যৱস্থাৰ গুৰুত্বপূৰ্ণ দিশ আৰু শিক্ষিত শ্ৰমশক্তিৰ বিকাশসাধন ও বৃদ্ধ পশ্চিমীয়া সমাজৰ তুলনাত যুৱ ৰাষ্ট্ৰ হোৱাৰ লাভ গ্ৰহণ কৰা উচিত। দক্ষ কাৰিকৰ বা শ্ৰমিক হ’ল উদ্ভাৱনীয়তা আৰু অৱগাঁঠনি উন্নয়নৰ মেৰুদণ্ডস্বৰূপ। দক্ষ কৰিকৰৰ চাহিদা দিনক দিনে বৃদ্ধি হৈ আছে যদিও পৰিসংখ্যা অনুসৰি বৰ্তমানৰ সংখ্যাই এই চাহিদা পূৰণ কৰিব পৰা নাই আৰু যি শিক্ষা প্ৰদান কৰি থকা হৈছে সিও বজাৰৰ মানদণ্ডক স্পৰ্শ কৰিব পৰাগৈ হোৱা নাই। এই ব্যৱস্থাক অধিক প্ৰাসংগিক কৰি তুলিবৰ বাবে আৰু জনসংখ্যাত যুৱশক্তিৰ অনুপাত অধিক হোৱাৰ জৰিয়তে ভৱিষ্যতে লাভান্বিত হ’বৰ বাবে প্ৰয়োজনীয় বৃত্তিগত শিক্ষা প্ৰদান কৰিবৰ কাৰণে এনেধৰণৰ মডেল তৈয়াৰ কৰা জৰুৰী, যি একে সময়তে নমনীয়, সমসাময়িক, সামগ্ৰিক আৰু সৃজনীশীল হ’ব পাৰে।
ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
- বৰ্তমানৰ প্ৰতিষ্ঠানিক সংগঠন সুদৃঢ় কৰা,
- ৰাজহুৱা ব্যক্তিগত অংশীদাৰীত্ব, কম্পিউটাৰ আধাৰিত প্ৰশিক্ষণ, দূৰৱৰ্ত্তী শিক্ষণকে সাঙুৰি বিকল্প সহযোগী সংগঠনৰ সক্ষমতা বৃদ্ধি আৰু স্থানীয় প্ৰয়োজনীয়তা আৰু প্ৰতিভাক সাহাৰ্য্য দিব পৰা বিকেন্দ্ৰীকৃত মডেলৰ উদ্ধাৱন।
- দক্ষ শ্ৰমিকৰ বৰ্দ্ধিত চাহিদাক পূৰণ কৰা লগতে অনানুষ্ঠানিক আৰু অসংগঠিত ক্ষেত্ৰৰ শ্ৰমিকসকলক উপযুক্ত প্ৰশিক্ষণ প্ৰদান কৰা
- নিয়ন্ত্ৰণকাৰী আৰু অধিস্বীকৃত ফ্ৰেমৱৰ্ক
- কায়িক শ্ৰমযুক্ত ব্যৱসায়িক শিক্ষাৰ ঋণাত্মক দিশ দূৰ কৰাৰ বাবে ৰাষ্ট্ৰজুৰি ৰি-ব্ৰেণ্ডনিং অনুশীলন
|
|
|