
|
|

|
অনুবাদ
বিভিন্ন গুৰুত্বপূৰ্ণ বিষয়ৰ জ্ঞান আহৰণ ত্বৰান্বিত কৰিবৰ বাবে; শিক্ষাত জনসাধাৰণৰ যোগদান বৃদ্ধি আৰু জ্ঞান আহৰণ অথবা বিতৰণৰ বাবে উচ্চ পৰ্য্যায়ৰ অনুবাদ সামগ্ৰী অতি প্ৰয়োজনীয়। অনুবাদৰ ক্ষেত্ৰখনত বৰ্তমানে উপলব্ধ সুবিধাসমূহ পৰ্য্যাপ্ত নহয়, বৰঞ্চ প্ৰয়োজনীয়তাৰ তুলনাত বহুখিনি কম। ইয়াৰ বাবে দায়ী হ’ব পাৰে সুপ্ত অস্বীকৃত দাবী আৰু অসমতা। জনসাধাৰণৰ যোগদান বা অলপমান হস্তক্ষেপ অনুবাদৰ ক্ষেত্ৰখনত নিৰ্ণায়ক হৈ উঠিব পাৰে।
ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
- এটা উদ্যোগৰ দৰে অনুবাদ ক্ষেত্ৰখনৰ বিকাশ
- মুদ্ৰিত প্ৰকাশনৰ লগতে বাস্তৱ প্ৰকাশনৰ প্ৰসাৰ
- কঠিন পাঠ বা সামগ্ৰীৰ অনুবাদ অৰু ইয়াৰ বাবে উচ্চ প্ৰশিক্ষণৰ সুবিধা
- দক্ষিণ এছিয়াত ভাৰতীয় ভাষা আৰু সাহিত্যৰ প্ৰক্ষেপণ
- অনুবাদ সম্পৰ্কীয় তথ্যৰ এটা ভঁৰাল প্ৰতিষ্ঠাপন
|
|
|