
|
|

|
বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা
জনসাধাৰণৰ আৰ্থিক আৰু সামাজিক উথ্থানৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিকাশ অতি প্ৰয়োজনীয়। জ্ঞানৰ সৃজন আৰু ইয়াৰ ব্যৱহাৰ বাবে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত নেতৃত্ব লাভ কৰাটো অতি প্ৰয়োজনীয়। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰত হোৱা প্ৰগতিয়ে উদ্যোগসমূহৰ বাবে উন্নতিৰ দুৱাৰ খুলি দিব পাৰে আৰু লগতে ভাৰতৰ দৰে বিকাশশীল দেশত জ্ঞান আধাৰিত মহত্বপূৰ্ণ সেৱা আগবঢ়োৱাত সহায় হব পাৰে।
আন্তৰাষ্ট্ৰীয় ক্ষেত্ৰত নেতৃত্ব লাভ কৰিবলৈ হলে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰখনত নেতৃত্ব লাভ কৰাটো অতি প্ৰয়োজনীয়। দেশৰ ভিতৰত চলি থকা গৱেষণা আৰু বিকাশৰ পৰিসীমা বা পৰিসৰ বৃদ্ধি কৰাৰ বাবে যত্নপৰ হোৱা উচিত। গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰখনত পৰিবৰ্তন আনিবলৈ প্ৰথমতে আৰ. এণ্ড ডি. ক্ষেত্ৰৰ বিভিন্ন দিশৰ উন্নতি সাধন কৰিবলৈ উপযুক্ত উপায় অৱলম্বন কৰা অতি প্ৰয়োজন।
ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
- গৱেষণাৰ বাবে প্ৰয়োজনীয় মূলধন যোগাৰ কৰাৰ কালত অহা বাধা চিনাক্তকৰণ আৰু অপসাৰণ
- এছ. এণ্ড টি. ৰ কিছু গভীৰ অমীমাংসিত সমস্যাৰ চিনাক্তকৰণ, য’ত ভাৰতে কোনো তাত্পৰ্য্যপূৰ্ণ নেতৃস্থানীয় ভূমিকা গ্ৰহণ কৰিব পাৰে
- এছ. এণ্ড টি. ভবিষ্যত সম্বন্ধীয় আন্তৰ্বিজ্ঞানীয় বিষয় চিহ্নিতকৰণ আৰু তাৰ ওপৰত শিক্ষা আৰম্ভণ
- উন্নয়নৰ এটা গুৰূত্ত্বপূৰ্ণ সঁজুলি হিচাবে এছ. এণ্ড টি. ৰ ব্যৱহাৰৰ সময়ত অহা সমস্যাৰ সম্মুখীন হোৱা দৰিদ্ৰ ও অৱহেলিত শ্ৰেণীৰ সমস্যাৰ সমাধান হিচাপে এছ. এণ্ড টি. ৰ ব্যবহাৰ সহজ কৰি তোলা
|
|
|