
|
|

|
মেনেজমেন্ট শিক্ষা
বৰ্তমান কালত আমাৰ দেশত বৃত্তিগত শিক্ষা প্ৰদান কৰা প্ৰতিষ্ঠানৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। যোৱা 90 দশকৰ পৰা, বিশেষকৈ ব্যক্তিগত মূলধনেৰে প্ৰতিষ্ঠা কৰা এনে কাৰিকৰী আৰু মেনেজমেন্ট শিক্ষা প্ৰতিষ্ঠানৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাই অহাটো আমি দেখিবলৈ পাইছো। বৰ্তমান কেনেধৰণৰ শিক্ষানুষ্ঠানত অধ্যয়ন কৰিব সেইটো নিৰ্বাচন কৰিবলৈ ছাত্ৰ-ছাত্ৰীৰ হাতত যথেষ্ঠ বিকল্প আছে। মেনেজমেন্ট শিক্ষাৰ ক্ষেত্ৰত ভাৰতত 1200 ৰো অধিক শিক্ষানুষ্ঠানে স্নাতক আৰু স্নাতকোত্তৰ পৰ্য্যায়ৰ শিক্ষা প্ৰদান কৰি আহিছে। এই অনুষ্ঠান বিলাকৰ পৰা ওলাই অহা মেনেজমেন্ট স্নাতক আৰু স্নাতকোত্তৰ যুৱক-যুৱতীয়ে সাধাৰণতে বিভিন্ন উদ্যোগত সংস্থান লাভ কৰে। সেইবাবে এই বিষয়ত গুৰুত্ব আৰোপ কৰা অতি জৰুৰী হৈ পৰিছে যে মেনেজমেন্ট শিক্ষাক এনে এক স্তৰলৈ উন্নীত কৰা উচিত যি ভাৰতৰ প্ৰয়োজনীয়তাক পূৰণ কৰিব পাৰে আৰু দেশৰ উদ্যোগিক আৰু সেৱা ক্ষেত্ৰৰ ভিতৰত ঘটি থকা পৰিবৰ্তন সমূহক অনুধাবন কৰিবলৈ সক্ষম হব পাৰে। উপযুক্ত কৰ্মচাৰীৰ নিযুক্তিকৰণৰ দ্বাৰা সঠিক সিদ্ধান্ত গ্ৰহণ আৰু নিৰ্বাচনৰ ক্ষেত্ৰত বিভিন্ন প্ৰতিষ্ঠানে প্ৰদান কৰি অহা মেনেজমেন্ট শিক্ষাৰ মানদণ্ডৰ সঠিক পৰ্য্যালোচনা কৰাটো অতি জৰুৰী। বিশেষকৈ ব্যক্তিগত প্ৰতিষ্ঠানসমূহে প্ৰদান কৰি অহা শিক্ষাৰ মানদণ্ড পুংখানুপুংখভাবে পৰ্য্যালোচনা কৰা উচিত।
ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
- কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্ক থকা প্ৰতিবন্ধকতা, সমস্যা আৰু প্ৰত্যাহবানসমুহ।
- জনপ্ৰণালী (ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনকে ধৰি), নিয়ন্ত্ৰণকাৰী গাঁঠনি আৰু জননীতিৰ মেনেজমেন্টৰ ক্ষেত্ৰত শিক্ষণ আৰু গৱেষণা দৃঢ় কৰাৰ উপায়সমূহ বিবেচনা।
- দক্ষ অনুষদক আকৰ্ষিত কৰিবলৈ আৰু ধৰি ৰাখিবলৈ উপায়সমূহ।
- মেনেজমেন্ট শিক্ষাত গৱেষণা পৰম্পৰাক পৃষ্ঠপোষকতা কৰিবলৈ আৰু তাক বাহাল ৰাখিবলৈ উপযুক্ত পদক্ষেপ।
- অনুষ্ঠানবিলাকৰ স্বশাসন আৰু দায়িত্ববোধৰ লগত সম্পৰ্কিত বিষয়সমূহ।
- বহুল সামাজিক পৰিপ্ৰেক্ষাৰ লগত সংযুক্ত মেনেজমেন্ট শিক্ষাৰ মানদণ্ডৰ বিকাশ আৰু উত্কৰ্ষ সাধনত পৃষ্ঠপোষকতা কৰাৰ বাবে সৃজনীশীল মাধ্যম।
|
|
|