
|
|

|
পুথিভঁৰালসমূহ
জ্ঞানভাণ্ডাৰত প্ৰৱেশ কৰি জ্ঞান আহৰণ কৰিবলৈ সুবিধা প্ৰদান কৰাৰ ক্ষেত্ৰত পুথিভঁৰাল সমূহৰ ভূমিকা সঁচাই গুৰুত্বপূৰ্ণ। আজিৰ যুগত পুথিভঁৰালসমূহে দুটা গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিবলগীয়া হয়-তথ্য আৰু জ্ঞানৰ স্থানীয় কেন্দ্ৰ হিচাপে সমাজক উপকৃত কৰা, ৰাষ্ট্ৰীয় আৰু গোলকীয় শিক্ষাৰ দুৱাৰদলিৰ ভূমিকা গ্ৰহণ কৰা। এই দুয়োটা দায়িত্ব সুচাৰুৰূপে পালন কৰিবলৈ পুথিভঁৰালসমূহৰ সংগ্ৰহ, সেৱা-সুবিধা আদিৰ আধুনিকীকৰণ কৰা দৰকাৰ। লগতে সামূহিক তথ্য কেন্দ্ৰলৈ ৰূপান্তৰিত হোৱাৰ বাবে অন্য অনুষ্ঠান-প্ৰতিষ্ঠান, স্বেচ্ছাসেৱী সংগঠনৰ লগত সংঘবদ্ধ হোৱা উচিত।
ৰাষ্ট্ৰীয় জ্ঞান আয়োগৰ বিবেচনাধীন কিছূমান বিষয় হ’ল:
- পুথিভঁৰালসমূহৰ আনুষ্ঠানিক সংগঠন;
- নেটৱৰ্কিং;
- শিক্ষা, প্ৰশিক্ষণ আৰু গৱেষণা;
- পুথিভঁৰালসমূহৰ আধুনিকীকৰণ আৰু কম্পিউটাৰীকৰণ;
- ব্যক্তিগত আৰু নিজা সংগ্ৰহ সমূহৰ তত্বাৱধান আৰু
- প্ৰয়োজনীয় পৰিবৰ্তনৰ বাবে আৱশ্যকীয় কৰ্মচাৰী;
|
|
|