
|
|

|
মেনেজমেন্ট শিক্ষাৰ ক্ষেত্ৰত এন.কে.চি.-ৰ পৰামৰ্শ
কাৰ্য্যদলৰ সদস্যসকল তলত দিয়া ধৰণৰ:
1.
শ্ৰী পি. এম.
সিনহা (অধ্যক্ষ)
ভূতপূৰ্ব
চি.ই.অ’,
পেপছি ইণ্ডিয়া
2.
প্ৰা. অমিতাভ
বসু
ভূতপূৰ্ব
সঞ্চালক,
আই.আই.এম
কলিকতা
3.
প্ৰা. জহৰ
সাহা
ভূতপূৰ্ব
সঞ্চালক,
আই.আই.এম
আহমেদাবাদ
4.
প্ৰা. কে. আৰ. এছ. মূৰ্ত্তি
ভূতপূৰ্ব
সঞ্চালক,
আই.আই.এম
বাংগালোৰ
প্ৰসংগৰ চৰ্ত্তাৱলী:
- কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্ক থকা প্ৰতিবন্ধকতা, সমস্যা আৰু প্ৰত্যাহবানসমুহ চিনাক্তকৰণ।
- কাৰিকুলাম, শিক্ষাদান, অৱগাঁঠনি, প্ৰশাসন আৰু প্ৰৱেশাধিকাৰৰ লগত সম্পৰ্কিত সমস্যা আৰু প্ৰত্যাহবানসমুহক সমাধান কৰিবলৈ অনুমোদিত সাল-সলনি আৰু উন্নীতকৰণ।
- প্ৰতিভাশালী অনুষদক আকৰ্ষিত কৰিবলৈ আৰু ধৰি ৰাখিবলৈ উপায় নিৰ্দ্ধাৰণ।
- মেনেজমেন্ট শিক্ষাত গৱেষণা পৰম্পৰাক পৃষ্ঠপোষকতা কৰিবলৈ আৰু তাক বাহাল ৰাখিবলৈ উপযুক্ত পদক্ষেপৰ প্ৰস্তাৱ।
- জনপ্ৰণালী (ৰাজ্য চৰকাৰ আৰু স্থানীয় প্ৰশাসনকে ধৰি), নিয়ন্ত্ৰণকাৰী গাঁঠনি আৰু জননীতিৰ মেনেজমেন্টৰ ক্ষেত্ৰত শিক্ষণ আৰু গৱেষণা দৃঢ় কৰাৰ উপায়সমূহ বিবেচনা।
- অনুষ্ঠান বিলাকৰ স্বায়ত্বশাসন আৰু দায়িত্ববোধৰ দৰে বিষয়সমূহ পৰীক্ষণ।
- বহুল সামাজিক পৰিপ্ৰেক্ষাৰ লগত সংযুক্ত মেনেজমেন্টৰ শিক্ষাৰ মানদণ্ডৰ বিকাশ আৰু উত্কৰ্ষ সাধনত পৃষ্ঠপোষকতা কৰাৰ বাবে উপযুক্ত মাধ্যমৰ প্ৰস্তাৱ।
- আন যিকোনো বিষয় চিনাক্তকৰণ যিবিলাক ইয়াৰ লগত সম্পৰ্কিত হব পাৰে।
|
|
|