
|
|

|
পৰম্পৰাগত জ্ঞানৰ পিয়ল।
পৰম্পৰাগত জ্ঞানৰ তলত উল্লেখ কৰা দিশ সমূহৰ প্ৰতি ৰাষ্ট্ৰীয় জ্ঞান আয়োগে চকু ৰাখিছে:
- যিবিলাক পৰম্পৰাগত জ্ঞানক আমাৰ নীতিগত আৰু মূল আধাৰ ৰূপে তথ্যভুক্ত কৰিব পৰা যায় সেইবিলাক হ’ল- সৃষ্টিশীল, সাংস্কৃতিক আৰু বাপতিসাহোন উদ্যোগসমূহ।
- আৰ্য়ুবেদিক, সিদ্ধ, ইউনানী, তিবতীয় আদিৰ পৰা পোৱা 40,000 বিধ আৰু তথ্যভুক্ত নোহোৱাকৈ থকা জনজাতীয় সমাজত প্ৰচলিত বৃক্ষ উত্পাদিত ঔষধ প্ৰস্তুত কৰা পদ্ধতিসমূহ।
- একাধিক খণ্ডত আই.চি.এ.আৰ. য়ে তথ্যভুক্ত কৰা 4502 বিধ প্ৰাচীন কৃষি পদ্ধতিৰ ভিতৰত 2005 চনৰ ডিচেম্বৰ মাহলৈকে 86 বিধৰ সাধাৰণভাৱে প্ৰামানিকীকৰণ আৰু 38 বিধৰ বিস্তৃতভাৱে প্ৰামানিকীকৰণ কৰা হৈছে।
- তথ্যভুক্ত ভাবে 150 বিধ পুষ্টিকৰ শাক পাচলিৰ ব্যৱহাৰ আমাৰ প্ৰাচীন ৰন্ধন প্ৰকৰণৰ ক্ষেত্ৰত প্ৰমানিত হোৱাৰ লগতে তদনুৰূপ সংখ্যক ফলমূলৰো খবৰ আছে।
- নিৰ্দ্দিষ্ট সাংস্কৃতিক সম্বন্ধীয় পৰ্য্যটন যেনে- জনজাতীয় কলাকেন্দ্ৰ চিনাক্তকৰণ, স্থানীয় কলাৰ যথাৰ্থ উত্কৰ্ষসাধন আৰু আমাৰ দেশত থকা বিৰল বা অগতানুগতিক স্থানসমূহৰ ব্যৱহাৰ।
- পৰম্পৰাগতভাবে জলসম্পদ আহৰণৰ বিষয়ে ভালদৰে তথ্য আহৰণ কৰা হৈছে যেনে- চি.এছ.চি. নতুন দিল্লীৰ দ্বাৰা প্ৰকাশিত কিতাপ সমূহ।
- ওপৰত অৰ্ন্তভুক্ত নোহোৱাকৈ থকা আমাৰ পৰম্পৰাগত উত্পাদন, সেৱা আৰু কলাসমূহ।
সুনীতিসম্পন্ন ব্যৱসায়িক মনোভাৱেৰে ব্যবহৃত আমাৰ সংস্কৃতি, উদ্ভাৱন আৰু পুৰুষানুক্ৰমে ব্যৱহৃত নীতিসমূহে কমপক্ষেও 100 নিযুত লোকক কৰ্মসংস্থাপন দিব পৰা ক্ষমতাৰ লগতে বছৰি কমেও 60000,000 কোটি টকাৰ ৰাজহ আদায় কৰিব পাৰিব।
|
|
|