
|
|

|
উদ্ভাৱনৰ পিয়ল
ভাৰতীয় উদ্ভাৱনী শক্তি তীব্ৰতৰ কৰি তুলিবৰ বাবে আৰু ভাৰত চৰকাৰৰ ভূমিকা কেনে হলে উদ্ভাৱলী শক্তিৰ সক্ষমতা বৃদ্ধি হব তাক নিৰ্ণয় কৰি দেখুৱাব পৰাকৈ খচৰা প্ৰস্তুত কৰিবৰ বাবে ভাৰতীয় অৰ্থনীতিৰ বিভিন্ন ক্ষেত্ৰত কেনেদৰে উন্নয়ন আৰু প্ৰতিযোগিতাৰ গঢ়লৈ উঠিছে তাক উদ্ভাৱন কৰাই এন.কে.চি. ৰ মূল লক্ষ্য।
এই লক্ষ্যত উপনীত হবৰ বাবে বিভিন্ন খণ্ডৰ পৰা মাত্ৰাগত তথ্য আৰু ইতিবৃত্ত অধ্যয়নৰ বাবে এন.কে.চি.য়ে তলত উল্লেখ কৰা বিষয় সমূহৰ ওপৰত পিয়লৰ কাম হাতত লয় :
- বৃহত্ উদ্যোগসমূহ-পণ্য উত্পাদন আৰু সেৱাসমূহ
- লঘু আৰু মজলীয়া উদ্যোগসমূহ
- কৃষি খণ্ড
এন.কে.চি. য়ে বৃহত্ উদ্যোগৰ ক্ষেত্ৰত উদাৰীকৰণৰ আগত আৰু পিছত তেওঁলোকৰ অভিজ্ঞতাৰ বিষয়ে জানিবৰ বাবে দেশৰ বিভিন্ন প্ৰান্তত থকা প্ৰতিষ্ঠান সমূহৰ চি.ই.অ’ সকলে গুৰুত্ব দিব পৰাকৈ এক প্ৰশ্নমালা প্ৰস্তুত কৰিছে। লঘু আৰু মজলীয়া উদ্যোগ সমূহৰ বাবেও তদনূৰূপ এক প্ৰশ্নমালা প্ৰস্তুত কৰাৰ লগতে এলানি কৰ্মশালা অনুষ্ঠিত কৰি এই উদ্যোগ সমূহে মুখামুখি হোৱা বিভিন্ন অসুবিধাৰ বিষয়ে বুজিবৰ যত্ন কৰিছে। কৃষি খণ্ডৰ ক্ষেত্ৰত বিভিন্ন বিশেষজ্ঞক লৈ এলানি সাক্ষাত্কাৰো আয়োজন কৰা হৈছে।
এই পিয়লৰ ফলাফলৰ ওপৰত ভিত্তি কৰি “উন্নয়ন আৰু প্ৰতিযোগিতাৰ বাবে উদ্ভাৱন শক্তিৰ প্ৰয়োগ” শীৰ্ষক ব্যৱহাৰিক বন্ধুত্বপূৰ্ণ হাতপুথি প্ৰস্তত কৰা হব আৰু এখন চিঠি ও প্ৰতিবেদন প্ৰয়োজনীয় অনুমোদনৰ বাবে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা হব।
|
|
|