
|
|

|
স্বাস্থ্য তথ্য সম্পৰ্কীয় সাংগঠনিক পিয়লাৱলী
যিহেতু স্বাস্থ্য সেৱাৰ মান উন্নত কৰা আৰু ইয়াত প্ৰবেশাধিকাৰ ব্যৱস্থাক সহজ কৰা জ্ঞান আয়োগৰ এটা মূখ্য উদ্দেশ্য, সেয়েহে জাতীয় স্তৰত এটা সুৰক্ষিত স্বাস্থ্য তথ্য নেটৱৰ্ক তৈয়াৰ কৰাৰ সম্ভাবনাৰ বিষয়ে চিন্তা কৰি থকা হৈছে। এটা নিৰাপদ, বিশ্বাসযোগ্য আৰু তাত্ক্ষণিক স্বাস্থ্য বিষয়ক তথ্যপঞ্জিকাই যিকোনো উন্নতমানৰ স্বাস্থ্য পৰিসেৱা গঢ়ি তুলিব পাৰে। স্বাস্থ্য পৰিসেৱাৰ ক্ষেত্ৰত পৃথক পৃথক সংস্থাই পৃথক পৃথক ভাবে কাম কৰি থাকিলে এটা অসম অবস্থাৰ সৃষ্টি হ’ব পাৰে, যাৰ ফলত স্বাস্থ্য তথ্য সমূহ আহৰণ ও বিতৰণৰ ক্ষেত্ৰত পাৰস্পৰিক সংগতি নাথাকিব আৰু ফলত স্বাস্থ্য পৰিসেৱা এটা অত্যন্ত খৰচী বিষয় হৈ পৰিব। এই ক্ষেত্ৰত উল্লেখযোগ্য যে স্বাস্থ্য স্তৰ 7-এ (এইচ.এল.7) চিষ্টেমেটিক নমেনক্লেচাৰ অব মেডিচিন ক্লিনিকেল টাৰ্মচ (এছ.এন.অ’.এম.ই.ডি. চি.টি.), ডিজিটেল ইমেজিং কমিউনিকেছনচ ইন মেডিচিন (ডি.আই.চি.অ’এম.) ইত্যাদি বিষয়ত ইতিমধ্যেই একাধিক ক্লিনিকেল আৰু তথ্য প্ৰযুক্তিৰ (আই.টি.) মানদণ্ড তৈয়াৰ হৈছে। সেয়েহে যথাসম্ভব সোনকালেই এটা স্বাস্থ্য তথ্য নেটৰ্ৱক তৈয়াৰ কৰাটো প্ৰয়োজনীয় যাতে ভবিষ্যতে এনে ধৰণৰ সমস্যাৰ পৰা হাত সাৰিব পৰা যায়।
প্ৰাথমিক পদক্ষেপ হিচাপে এন.কে.চি. এ দেশৰ মূল স্বাস্থ্য-যত্ন সম্বন্ধীয় অনুষ্ঠান সমূহৰ পৰা তেওঁলোকে বৰ্ত্তমান ব্যৱহাৰ কৰি থকা বা ভবিষ্যতে ব্যৱহাৰ কৰিব খোজা ক্লিনিকেল আৰু আই.টি. সমূহৰ মানদণ্ডৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবৰ বাবে আগবাঢ়ি আহিছে। তাৰবাবে দেশৰ ৰ্শীষস্থানীয় স্বাস্থ্য যত্ন সেৱা আগবঢ়াওঁতা সমূহৰ লগতে চিকিত্সা মহাবিদ্যালয় আৰু গৱেষণা কেন্দ্ৰসমূহৰ পৰা তলত উল্লেখ কৰা তিনিটা দিশত তথ্য সংগ্ৰহৰ বাবে এখনি প্ৰশ্নমালা বিতৰণ কৰি দিছে।
- স্বাস্থ্য তথ্য সম্বন্ধীয় চফটৱেৰ থকা অনুষ্ঠানৰ সংখ্যা আৰু শ্ৰেণী।
- সচৰাচৰ ব্যৱহৃদ আৰু মানদণ্ডসম্পন্ন কোনবোৰ ক্লিনিকেল আৰু আই.টি. অনুষ্ঠান ৰাষ্ট্ৰীয় পৰ্য্যায়ত ব্যৱহাৰৰ বাবে আনুমোদন কৰিব বিচাৰিছে।
- বৰ্ত্তমানে ব্যৱহৃত নিৰ্দ্দিষ্ট মানদণ্ড সমূহত থকা সমস্যাসমূহ।
|
|
|